Class 1 Jhankar Chapter 7 Question Answer | Class 1 Assamese Chapter 7 Question Answer | Class 1 Assamese Chapter 7 solutions | Class 1 Assamese Chapter 7 | class 1 jhankar textbook chapter 7 | Class 1 Jhankar Chapter 7 Lesson 1 | Class 1 Jhankar Chapter 7 Lesson 2 | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ৭ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৭ম অধ্যায় “আমাৰ প্ৰকৃতি” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | অধ্যায় ৭ আমাৰ প্ৰকৃতি | পাঠ ১ মাটিৰ পুতলা | পাঠ ২ বৰষুণ | Assamese Class 1 Chapter 7 explanation.
The Content of “Class 1 Assamese Chapter 7 Question Answer”
In this guide, we have provided the complete answers to the first lesson “মাটিৰ পুতলা” and the second lesson “নাজিয়াৰ দৈনিক কাম” in the 7th chapter of the ঝংকাৰ book for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৭ম অধ্যায় “আমাৰ প্ৰকৃতি” ৰ পাঠ ১ ‘মাটিৰ পুতলা’ আৰু পাঠ ২ ‘বৰষুণ’ ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।
অধ্যায় ৭ : আমাৰ প্ৰকৃতি
পাঠ – ১ : মাটিৰ পুতলা
🗣️ কথা পাতোঁ আহা—
ক) ছামেলিহঁত কাৰ ঘৰলৈ আহিছিল?
উত্তৰ: ছামেলিহঁত তেওঁলোকৰ ককাকহঁতৰ ঘৰলৈ আহিছিল।
খ) ৰাতিপুৱাই কিহে ডাক দিছিল আৰু কেনেকৈ দিছিল?
উত্তৰ: ৰাতিপুৱাই কুকুৰা এটাই কুকৰু কু কু বুলি ডাক দিছিল।
গ) খুৰীয়েক আৰু পেহীয়েকহঁতে কিয় হাঁহিছিল?
উত্তৰ: জিলমিল আৰু ছামেলি দুয়োকে বোকাৰে লুতুৰি-পুতুৰি হৈ থকা দেখি খুৰীয়েক আৰু পেহীয়েকহঁতে হাঁহিছিল।
ঘ) ৰাতিপুৱা শুই উঠাৰ পাছত তুমি কি কি দেখা আৰু শুনিবলৈ পোৱা?
উত্তৰ: নিজে চেষ্টা কৰিবা।
ঙ) সিহঁতে বোকামাটিৰে কি কি পুতলা সাজিছিল বুলি ভাবা?
উত্তৰ: সিহঁতে বোকামাটিৰে মানুহ, পশু-পক্ষী আদিৰ পুতলা সাজিছিল বুলি ভাবো।
▪️ছবিৰ কাষত ছবিৰ নাম সম্পূৰ্ণকৈ লিখি পঢ়ো আহা—
পাঠ-২ : বৰষুণ
🗣️কওঁ আহা—
ক) পদ্যটোত টিপ টিপকৈ কি পৰাৰ কথা কৈছে?
উত্তৰ: পদ্যটোত টিপ টিপকৈ বৰষুণ পৰাৰ কথা কৈছে।
খ) নৈ, খালত পানী দেখিলে তোমাৰ কি কৰিবলৈ মন যায়?
উত্তৰ: নৈ, খালত পানী দেখিলে গা ধুবলৈ মন যায়।
গ) ভাবোঁ আৰু কওঁ আহা—
⇨ মাছ পানীত থাকে। ভেকুলী ক’ত ক’ত থাকে বাৰু?
উত্তৰ: ভেকুলী পানী আৰু মাটি দুয়ো ঠাইতে থাকে।
⇨ আকাশত তুমি কি কি দেখা পোৱা?
উত্তৰ: আকাশত আমি মেঘ, সূৰ্য, তৰা আদি দেখা পাওঁ।
🗣️ শুনো আৰু কওঁ আহা—
ভাটৌ নৌকা কপৌ চৌকা
ঢৌ কৌপাত মৌমাখি ৰৌমাছ
ওপৰৰ শব্দবোৰ চাই ঔ-কাৰ থকা আখৰকেইটা লিখোঁ আহা—
উত্তৰ: টৌ নৌ পৌ চৌ
ঢৌ কৌ মৌ ৰৌ
▪️কাষৰ বাকচটোৰ পৰা উপযুক্ত আখৰ আনি শব্দবোৰ সম্পূৰ্ণ কৰোঁ আহা—
🗣️ কওঁ আহা—
ক) নদীখনত কোনে কোনে গা ধুই আছে ছবিখন চাই কোৱা।
উত্তৰ: নদীখনত হাতী, গড়, বান্দৰ, গাহৰি, শিয়াল, হৰিণ, ম’হ, কাছ, হাঁহ আদিয়ে গা ধুই আছে।
খ) হাতীয়ে কেনেদৰে গা ধুইছে?
উত্তৰ: হাতীয়ে নিজৰ শুঁৰেৰে গা ধুইছে।
গ) বান্দৰ পোৱালিটোক কোনে গা ধুৱাই দিলে?
উত্তৰ: বান্দৰ পোৱালিটোক হাতীয়ে গা ধুৱাই দিলে।
ঘ) হাতীয়ে শুঁৰেৰে গা ধুইছে। হাতীয়ে আৰু কি কি কাম শুৰেৰে কৰা দেখিছা?
উত্তৰ: হাতীয়ে শুৰেৰে পানী খোৱা, খাদ্য মুখলৈ নিয়া, গছৰ ডাল ভঙা আদি কাম কৰা দেখা যায়।
পুনৰালোচনা
🗣️শুনা আৰু উত্তৰ কোৱা—
মিনি আৰু আৰতি একেলগে পঢ়ে। মিনিহঁতৰ ঘৰ চাহ বাগিচাত। আৰতিৰ ঘৰ নগৰত। আৰতিয়ে মিনিৰ পৰা ঝুমুৰ নাচিবলৈ শিকিছে।
ক) মিনিৰ ঘৰ ক’ত?
উত্তৰ: মিনিৰ ঘৰ চাহ বাগিচাত।
খ) কাৰ ঘৰ নগৰত?
উত্তৰ: আৰতিৰ ঘৰ নগৰত।
গ) আৰতিয়ে মিনিৰ পৰা কি শিকিছে?
উত্তৰ: আৰতিয়ে মিনিৰ পৰা ঝুমুৰ নাচিবলৈ শিকিছে।