Class 1 Assamese Chapter 3 Question Answer

Class 1 Assamese Chapter 3 | Class 1 Jhankar Chapter 3 Question Answer | Class 1 Assamese Chapter 3 Question Answer | Chapter 3 Assamese Class 1 solutions | class 1 jhankar textbook chapter 3 | Class 1 Chapter 3 Assamese answers | Class 1 Jhankar Chapter 3 Lesson 1 | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ অধ্যায় ৩ “আমাৰ চৌপাশ” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | অধ্যায় ৩ আমাৰ চৌপাশ | পাঠ ১ কুকুৰা আৰু হাঁহ | Assamese Class 1 Chapter 3 explanation.

The Content of “Class 1 Assamese Chapter 3 Question Answer”

In this guide, we have provided the complete answers to the first lesson “কুকুৰা আৰু হাঁহ” in the 3rd chapter of the Jhankar textbook for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ অধ্যায় ৩ “আমাৰ চৌপাশ” ৰ পাঠ ১ “কুকুৰা আৰু হাঁহ” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।

🗣️ তলৰ ছবিবোৰৰ নাম কওঁ আহা —

Class 1 Assamese Chapter 3

🗣️ কাৰ কি মাত হ’ব কওঁ আহা —

কাউৰী – কা কা 

মটৰ গাড়ী – বু বু

ছাগলী – মে মে 

ৰেলগাড়ী – ঝক ঝক 

কুকুৰা – কক কক

ভেকুলী – টোৰ টোৰ 

✒️ কোনটো বাটেৰে গ’লে পিছলা খেলখন খেলিবলৈ পাব, বিচাৰোঁ আহা —

পাঠ – ১ : কুকুৰা আৰু হাঁহ

🗣️ শুনো আহা —

এজনী কুকুৰাই তাইৰ পোৱালিবোৰৰ সৈতে নৈৰ পাৰত চৰি আছিল। নৈৰ সিপাৰলৈ যাবলৈ সিহঁতৰ বৰ মন গ’ল।

কুকুৰাজনীয়ে নৈত কেইজনীমান হাঁহ চৰি থকা দেখিলে। তাই হাঁহকেইজনীক ক’লে-“বাইটিহঁত, নৈৰ সিপাৰেনো কি আছে? আমাৰ যে চাবলৈ বৰ মন যায়। পিছে নৈখন পাৰ হ’ম কেনেকৈ?”

হাঁহকেইজনীয়ে ক’লে- “ৰ’বা, আমি আছোঁ নহয়! আহা, তোমালোক আমাৰ পিঠিত উঠাহি।”

কুকুৰা আৰু পোৱালিকেইটা এটা এটাকৈ হাঁহৰ পিঠিত উঠিল আৰু সিহঁত সিপাৰ পালেগৈ।

🗣️ কওঁ আহা —

ক) হাঁহকেইজনী ক’ত চৰি আছিল?

উত্তৰ: হাঁহকেইজনী নৈত চৰি আছিল।

খ) কুকুৰাজনীয়ে হাঁহক কি কৈছিল?

উত্তৰ: কুকুৰাজনীয়ে নৈৰ সিপাৰে কি আছে বুলি হাঁহক কৈছিল।

গ) কুকুৰাৰ পোৱালিবোৰে কিদৰে নৈখন পাৰ হৈছিল?

উত্তৰ: কুকুৰাৰ পোৱালিবোৰে হাঁহৰ পিঠিত উঠি নৈখন পাৰ হৈছিল।

ঘ) হাঁহকেইজনীয়ে সহায় নকৰা হ’লে কুকুৰাকেইজনী কেনেকৈ নৈখন পাৰ হ’লহেঁতেন?

উত্তৰ: হাঁহকেইজনীয়ে সহায় নকৰা হ’লে কুকুৰাকেইজনী নৈখন পাৰ হ’ব নোৱাৰিলেহেঁতেন।

ঙ) কুকুৰাকেইজনীয়ে কিয় নৈৰ সিপাৰলৈ যাবলৈ মন কৰিছিল?

উত্তৰ: কুকুৰাকেইজনীয়ে নৈৰ সিপাৰে কি আছে সেয়া চাবলৈ নৈৰ সিপাৰলৈ যাবলৈ মন কৰিছিল।

🗣️ কথা পাতোঁ আহা —

জবা — বেলি পৰিল। আজি আৰু নেখেলোঁ।

জিতা — আৰু অলপ খেলোঁ আহা।

জবা — দেৰি হ’ল দেখোন!

জিতা — অলপ খেলোঁ আহা।

জবা — কিন্তু মা-দেউতাই চাগৈ দুয়োলৈ বাট চাই আছে!

জিতা — তেন্তে আন এদিন খেলিম। ব’লা ঘৰলৈ যাওঁ।

জবা — ব’লা, তেনেহ’লে।

🗣️ ছবিৰ নাম আৰু নামৰ প্ৰথম ধ্বনিটো কওঁ আহা —

‘প’ আৰু ‘ত’ৰে আৰম্ভ হোৱা আৰু কি কি শব্দ জানো কওঁ আহা —

= পৱন, পলম, পদূলি, পঢ়া, পৰিয়াল

= তলা, তল, তামোল, তাল, তেল

✒️ আঁচ টানি মিলাওঁ আহা —

🗣️ ছবিৰ নামবোৰ কওঁ আহা —

ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিটো কোৱা। ‘জ’ ধ্বনিৰে আৰম্ভ হোৱা আৰু কি কি শব্দ জানা কোৱা।

= জন, জকা, জাপি, জিকা

✒️ জ – আখৰ থকা ছবিটোত ৰং কৰোঁ আহা —

   জবা ফুল         মধুৰিআম        জলকীয়া 

🗣️ ছবিৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা —

✒️ ছবিৰ নামবোৰ সম্পূৰ্ণ কৰোঁ আহা —

🗣️ কওঁ আহা — 

ক) ছবিখনত কি দেখিছা?

উত্তৰ: ছবিখনত এজনী ছোৱালী, এটা খৰাহি, এডাল গছ, এটা কুকুৰা আৰু কেইটামান কুকুৰাৰ পোৱালি দেখিবলৈ পোৱা গৈছে।

খ) ছোৱালীজনীয়ে কি কৰি আছে?

উত্তৰ: ছোৱালীজনীয়ে কুকুৰা আৰু কুকুৰাৰ পোৱালিবোৰক খৰাহিৰ ভিতৰত ভৰাই আছে।

গ) তুমি কি জীৱ-জন্তু পুহিবলৈ ভাল পোৱা?

উত্তৰ: নিজে চেষ্টা কৰিবা।

ঘ) ছোৱালীজনীয়ে কিয় শব্দ কৰিবলৈ মানা কৰিছে?

উত্তৰ: ছোৱালীজনীয়ে শব্দ কৰিবলৈ মানা কৰিছে কাৰণ শব্দ কৰিলে কুকুৰা আৰু কুকুৰাৰ পোৱালিবোৰ ভয় খায় আঁতৰি যাব।

✒️ আখৰবোৰ লগ লগাই পঢ়োঁ আৰু লিখোঁ আহা —

পুনৰালোচনা

✒️ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিৰ লগত আখৰবোেৰ আঁচ টানি মিলোেৱা —

✒️ ছবিবোৰৰ নামৰ শেষ ধ্বনিৰ লগত আখৰবোেৰ আঁচ টানি মিলোৱা —

🗣️ খৰকৈ কওঁ আহা —

নাৰ বাত পাভ মাছ 

আৰু এটা কাছ, 

বাৰ টকাত কিনি আনি 

কিয় বাৰু নাচ?

নাৰ, বাত আৰু পাভ মাছৰ বাহিৰেও আৰু কি কি মাছৰ নাম জানা কওঁ আহা —

উত্তৰ:  কাৱৈ, গৰৈ, পুঠি, ৰৌ, বৰালি, চিতল

✒️ লগ লগাই পঢ়া আৰু লিখা —

Leave a Comment