Class 1 Assamese Chapter 2 | Class 1 Jhankar Chapter 2 Question Answer | Chapter 2 Assamese Class 1 solutions | class 1 jhankar textbook chapter 2 | Class 1 Chapter 2 Assamese answers | Class 1 Assamese Chapter 2 Question Answer | Class 1 Jhankar Chapter 2 Lesson 1 | Class 1 Jhankar Chapter 2 Lesson 2 | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ২ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় “আমাৰ পৰিয়াল” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | Assamese Class 1 Chapter 2 explanation.
The Content of “Class 1 Assamese Chapter 2 Question Answer”
In this guide, we have provided the complete answers to the first lesson “জেউতি” and the second lesson “কণ্টকৰামৰ বুধি” in the 2nd chapter of the Jhankar textbook for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় “আমাৰ পৰিয়াল” ৰ পাঠ ১ “জেউতি” আৰু পাঠ ২ “কণ্টকৰামৰ বুধি” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
আমাৰ পৰিয়াল
পাঠ ১ : জেউতি
🗣️ গাওঁ আহা —
মোৰ নাম জেউতি
কণ মোৰ ভাই,
তেওঁ মোৰ দেউতা
এওঁ মোৰ আই।
সৌৱা মোৰ আইতা
এয়া মোৰ ককা,
গাৰ ছাল শোটোৰা
ডাঢ়ি-চুলি পকা।
খুৰা হ’ল বাঢ়ৈ
পেহীয়ে বয় তাঁত,
খুৰীয়ে পাকঘৰত
বাঢ়ি দিয়ে ভাত।
ক্ৰিয়া – কলাপ —
🗣️ কথা পাতোঁ আহা —
ক) ছবিখনত কি কি দেখিছা?
উত্তৰ: ছবিখনত এখন পৰিয়ালৰ সদস্যসকলে দিনটোত কি কি কাম কৰিছে সেয়া দেখিবলৈ পোৱা গৈছে।
খ) ছবিখনত কোনে কি কৰিছে?
উত্তৰ: ছবিখনত মানুহ এজনে মোনাত হাঁহ লৈ আছে আৰু তাৰ ওচৰতে মহিলা এগৰাকীয়ে চকীত বহি চা খাই আছে, আন এগৰাকী মহিলাই সৰু ল’ৰা-ছোৱালী দুগৰাকীৰ সৈতে বিদ্যালয়লৈ যাবলৈ ওলাইছে। ছবিখনত বয়সস্থ মানুহ এজনে সৰু ল’ৰা এটাৰ সৈতে কথা পাতি আছে আৰু তাৰ ওচৰতে বয়সস্থ মহিলা এগৰাকী থিয় হৈ আছে, আন এগৰাকী মহিলাই চোতালত ঝাড়ু মাৰি আছে আৰু তাৰ ওচৰতে এজন ল’ৰাই পেলনীয়া বস্তুবোৰ ডাষ্টবিনত উঠাই আছে।
গ) মানুহজনে মোনাখনত কি আনিছে?
উত্তৰ: মানুহজনে মোনাখনত হাঁহ আনিছে।
ঘ) সৰু ল’ৰা-ছোৱালী দুগৰাকী ক’লৈ যাবলৈ ওলাইছে?
উত্তৰ: সৰু ল’ৰা-ছোৱালী দুগৰাকী বিদ্যালয়লৈ যাবলৈ ওলাইছে।
ঙ) ছবিখনত দেখাৰ বাহিৰে তোমাৰ ঘৰত কোনে কি কাম কৰে কোৱা।
উত্তৰ: অভিভাৱকৰ সহায় ল’বা।
🗣️ ছবি চাই নাম কওঁ আহা —
পাঠ – ২ : কণ্টকৰামৰ বুধি
ক্ৰিয়া – কলাপ —
🗣️ কথা পাতোঁ আহা —
ক) কেঁটেলাপহুটোৰ নাম কি আছিল?
উত্তৰ: কেঁটেলাপহুটোৰ নাম আছিল কণ্টকৰাম।
খ) তাক মাকে কি খাবলৈ কৈছিল?
উত্তৰ: তাক মাকে নাচপতি খাবলৈ কৈছিল।
গ) সি কিয় নাচপতি ঘৰলৈ লৈ গৈছিল?
উত্তৰ: মাক- দেউতাকৰ সৈতে ভগাই খাবৰ বাবে নাচপতিকেইটা ঘৰলৈ লৈ গৈছিল।
ঘ) কেঁটেলাপহুটোৱে নাচপতিবোৰ কেনেকৈ কঢ়িয়ালে?
উত্তৰ: কেঁটেলাপহুটোৱে নাচপতিবোৰ তাৰ নিজৰ কাঁইটেৰে কঢ়িয়ালে।
ঙ) তুমি নাচপতিকেইটা কেনেকৈ কঢ়িয়ালাহেঁতেন?
উত্তৰ: আমি নাচপতিকেইটা হাতেৰে কঢ়িয়ালোহেঁতেন।
চ) তোমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হ’লে তুমি কিদৰে সহায় কৰা?
উত্তৰ: নিজে চেষ্টা কৰিবা।
🗣️ অভিনয় কৰোঁ আহা —
কণ্টকৰাম আৰু মাকৰ কথা-বতৰা —
মাক – বোপাই, হাবিৰ সিটো মূৰে এজোপা নাচপতি গছ আছে। তাৰে দুটামান নাচপতি খাই আহগৈ যা।
কণ্টকৰাম – কিন্তু, তোমালোকে কি খাবা?
মাক – আমাৰ গা ভাল পালেই আমি খামগৈ। এতিয়া তয়ে খাগৈ যা।
(কণ্টকৰামে ভাবিলে…)
কণ্টকৰাম – এটা বাৰু মই নিজে খাম, এটা দেউতালৈ মুখত লৈ যাম। মায়ে কি খাব? ৰহ এটা বুধি কৰোঁ……
🗣️ কওঁ আহা –
✒️ তলৰ শব্দজালত থকা ‘ন’ আখৰত ঘেৰ দিওঁ আহা —
✒️ শব্দৰ সৈতে ছবিবোৰ আঁচ টানি মিলাওঁ আহা —
✒️ কোনটো কাৰ পৰিয়াল আঁচ টানি মিলাওঁ আহা —
🗣️ সাঁথৰ ভাঙি কওঁ আহা —
কাণত ধৰি নাকত বহে যি,
কোৱাচোন কোৱা সেইটোনো কি?
উত্তৰ: চশমা।
🗣️ ধ্বনিৰ মিল থকা শব্দ কওঁ আহা —
ককা → পকা → চকা → টকা → জকা → থকা
কাণ → মান → আন → পাণ → গান → ধান
🗣️ কওঁ আহা —
পুনৰালোচনা
✒️ তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিৰ সৈতে কোন আখৰৰ মিল আছে, আঁচ টানি মিলোৱা —
🗣️ তলৰ শব্দবোৰৰ শেষৰ ধ্বনিৰ মিল থকা শব্দবোৰ কোৱা—
ভাই দেউতা খুৰা
✒️ বাকচটোৰ পৰা সঠিক আখৰ লৈ ছবিৰ নাম পূৰ কৰোঁ আহা —
✒️ তুমি ঘৰত কি কি কাম কৰা শুদ্ধ (✔) চিন দিয়া —
🗣️ তোমাৰ লগতে তোমাৰ পৰিয়ালৰ ব্যক্তিসকলৰ নাম কোৱা —
মোৰ নাম…………………………….
মোৰ দেউতাৰ নাম…………………..
মোৰ মাৰ নাম……………………….
মোৰ ভাইটি/দাদাৰ নাম………………
মোৰ ভণ্টী/বাইদেউৰ নাম……………