Class 1 Assamese Chapter 4 Question Answer

Class 1 Jhankar Chapter 4 Question Answer | Class 1 Assamese Chapter 4 Question Answer | Class 1 Assamese Chapter 4 solutions | Class 1 Assamese Chapter 4 |  class 1 jhankar textbook chapter 4 | Class 1 Jhankar Chapter 4 Lesson 1 | Class 1 Jhankar Chapter 4 Lesson 2 | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ৪ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৪ৰ্থ অধ্যায় “আমাৰ সংস্কৃতি” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | অধ্যায় ৪ আমাৰ সংস্কৃতি | পাঠ ১ ৰংমনৰ ঢোল | পাঠ ২ জোনবাই এ এটি তৰা দিয়া | Assamese Class 1 Chapter 4 explanation.

The Content of “Class 1 Assamese Chapter 4 Question Answer”

In this guide, we have provided the complete answers to the first lesson “ৰংমনৰ ঢোল” and the second lesson “জোনবাই এ এটি তৰা দিয়া” in the 4th chapter of the Jhankar textbook for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৪ৰ্থ অধ্যায় “আমাৰ সংস্কৃতি” ৰ পাঠ ১ ‘ৰংমনৰ ঢোল’ আৰু পাঠ ২ ‘জোনবাই এ এটি তৰা দিয়া’ ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

পাঠ – ১ : ৰংমনৰ ঢোল

🗣️ কথা পাতোঁ আহা —

ক) ৰংমনক ঢোলটো কোনে আনি দিছিল?

উত্তৰ: ৰংমনক ঢোলটো দেউতাকে আনি দিছিল।

খ) ৰংমনে ঢোল বাওঁতে মাকে কি কৰি আছিল?

উত্তৰ: ৰংমনে ঢোল বাওঁতে মাকে তাৰ কণমানি ভনীয়েকক কোলাত লৈ শুৱাবলৈ গীত গাই আছিল।

গ) সেই সময়ত আইতাক ক’ত আছিল?

উত্তৰ: সেই সময়ত আইতাক চোতালত বহি আছিল।

ঘ) ৰংমনে প্ৰথমবাৰ ঢোলটো বাওঁতে মাকে কিয় মানা কৰিছিল?

উত্তৰ: ৰংমনে প্ৰথমবাৰ ঢোলটো বাওঁতে মাকে মানা কৰিছিল কাৰণ ঢোলৰ মাত শুনি তাৰ ভনীয়েকে উচাপ খাই খান্দিবলৈ ধৰিছিল।

ঙ) ৰংমনে কি ভুল কৰিছিল?

উত্তৰ: ৰংমনৰ ভনীয়েকজনী শুই থকা সময়ত তেওঁ ঢোল বজাই ভুল কৰিছিল।

চ) ৰংমনৰ মাক আৰু আইতাকে গোৱা গীতদুটি গোৱা।

উত্তৰ: ৰংমনৰ মাকে গোৱা গীতটি আছিল–

আমাৰে মইনা শুব এ’ 

বাৰীতে বগৰী ৰুব এ’

 বাৰীৰে বগৰী পকি সৰিব

আমাৰে মইনাই বুটলি খাব।

ৰংমনৰ আইতাকে গোৱা গীতটি আছিল–

লাই হালে-জালে      আবেলি বতাহে 

লফা হালে-জালে পাতে, 

আমাৰে মইনা       হালিছে-জালিছে 

কালি দুপৰৰে ভাতে।

▪️ও-আখৰ থকা শব্দটোৰ তলত ” চিন দিওঁ আহা—

উত্তৰ:

▪️খালী ঠাইত ‘ও’ লিখি পড়ো আহা—

উত্তৰ: 

▪️ছবিত থকা বাদ্যযন্ত্ৰকেইটাৰ নাম কওঁ আহা—

উত্তৰ: 

Class 1 Assamese Chapter 4

▪️আখৰ-জালৰ পৰা শব্দ লিখোঁ আৰু পড়ো আহা—

Class 1 Assamese Chapter 4

উত্তৰ: বজাৰ, বৰল, বৰ, বল, তাৰ, তালি, তাল, কলিজা, কৰ, কলি, কল, ৰজা, জালি, জাক, জাৰ।

পাঠ – ২ : জোনাই এ’ এটি তৰা দিয়া

🗣️ কথা পাতোঁ আহা—

ক) আকাশত জোনবাই আৰু তৰাৰ বাহিৰে আৰু কি কি দেখিছা?

উত্তৰ: আকশত জোনবাই আৰু তৰাৰ বাহিৰে সূৰ্য্য, ডাৱৰ, ৰামধেনু, বজ্ৰপাত আৰু বৰষুণ দেখা পোৱা যায়।

খ) তোমালোকে কি কি ৰঙৰ চৰাই দেখিছা?

উত্তৰ: কলা, বগা, সেউজীয়া, পাতল ছাই-বৰণ, বাদামী, হালধীয়া, ৰঙা আদি ৰঙৰ চৰাই সাধাৰণতে দেখিবলৈ পোৱা যায়।

গ) তোমালোকে দেখা চৰাইবোৰৰ নাম কোৱা।

উত্তৰ: কুলি, কাউৰী, পাৰ, ভাটৌ, ময়ূৰ, বগলী, চিলনী আদি।

ঘ) নাও মেলি কোন যায়?

উত্তৰ: নাও মেলি নাৱৰীয়াই যায়।

ঙ) গধূলি সময়ত তোমালোকে কি কি কৰা?

উত্তৰ: গধূলি সময়ত আমি হাত-ভৰি ধুই ভগৱানক প্ৰাৰ্থনা কৰিব লাগে আৰু কিতাপ পঢ়িব লাগে।

▪️ খালী ঠাই পূৰ কৰি ছবিৰ নামবোৰ লিখোঁ আহা—

উত্তৰ: 

▪️ছন্দ মিলাই কওঁ আৰু লিখোঁ আহা—

উত্তৰ: 

▪️আখৰ লগ লগাই শব্দ গঠন কৰোঁ আহা—

উত্তৰ: জিকা, জিলা, কাপ, কাচি, পকা, পৰুৱা, চিলা, লাৰু।

পুনৰালোচনা

▪️ নাম লিখোঁ আহা—

উত্তৰ: 

▪️ছন্দ মিলাই বেলেগ শব্দ কওঁ আৰু লিখোঁ আহা—

উত্তৰ: 

Leave a Comment