Class 1 Jhankar Chapter 5 Question Answer | Class 1 Assamese Chapter 5 Question Answer | Class 1 Assamese Chapter 5 solutions | Class 1 Assamese Chapter 5 | class 1 jhankar textbook chapter 5 | Class 1 Jhankar Chapter 5 Lesson 1 | Class 1 Jhankar Chapter 5 Lesson 2 | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ৫ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৫ম অধ্যায় “আমাৰ খাদ্য” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | অধ্যায় ৫ আমাৰ খাদ্য | পাঠ ১ খিচিৰিৰ সোৱাদ | পাঠ ২ শিয়াল আৰু বগলী | Assamese Class 1 Chapter 5 explanation.
The Content of “Class 1 Assamese Chapter 5 Question Answer”
In this guide, we have provided the complete answers to the first lesson “খিচিৰিৰ সোৱাদ” and the second lesson “শিয়াল আৰু বগলী” in the 5th chapter of the ঝংকাৰ book for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৫ম অধ্যায় “আমাৰ খাদ্য” ৰ পাঠ ১ ‘খিচিৰিৰ সোৱাদ’ আৰু পাঠ ২ ‘শিয়াল আৰু বগলী’ ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
অধ্যায় ৫ : আমাৰ খাদ্য
পাঠ – ১ : খিচিৰিৰ সোৱাদ
🗣️ কথা পাতোঁ আহা—
ক) টিলটিলহঁতৰ ঘৰলৈ কোনে পাচলিবোৰ আনিছিল?
উত্তৰ: টিলটিলহঁতৰ ঘৰলৈ আইতাকে পাচলিবোৰ আনিছিল।
খ) খিচিৰিত কি কি পাচলি আছিল?
উত্তৰ: খিচিৰিত গাজৰ, বিন আদি পাচলি আছিল।
গ) কাহিনীটো নিজাববীয়াকৈ কওঁ আহা।
উত্তৰ: এদিন টিলটিলৰ ঘৰলৈ তেওঁৰ আইতাক আহিল। আইতাকে এখন মোনাত বহুত পাচলি আনিলে। আলু, কচু, বেঙেনা, ৰঙালাও— এইবোৰ আইতাকে এটা ডলাত থ’লে। আইতাকে আনিছিল এটা লাৰুৰ টেমা। টিলটিলে সেই টেমাটোৰ এটা লাৰু মুখত দি ক’লে, “বাহ! ইমান সোৱাদৰ লাৰু!
কিন্তু পাচলিবোৰ কেতিয়া শেষ হ’ব?”
পিছদিনা পুৱা টিলটিল খোৱাৰ মেজত বহিল। মায়ে তেওঁক এখন থালত খিচিৰি দিলে। গাজৰ, বিন আদি পাচলিৰে বনোৱা খিচিৰি। টিলটিলে অলপ খাই চালে। “বাহ! ইমান সোৱাদ!” সি ক’লে। চকুতেই পাতে থালখন খালি হ’ল। টিলটিলে চিঞৰি ক’লে, “মা, মোক আৰু অলপ খিচিৰি দিয়া।”
মায়ে হাঁহি মাৰি খিচিৰি দিলে আৰু টিলটিলে বুজি পালে যে— পাচলিবোৰ বৰ সোৱাদৰ হয়!
ঘ) লাৰুৰ টেমাটো টিলটিলে কিয় নিজৰ লগতেই ৰাখিছিল?
উত্তৰ: লাৰুৰ টেমাটো টিলটিলে নিজৰ লগতে ৰাখিছিল কাৰণ লাৰু কেইটা বৰ সোৱাদৰ আছিল।
ঙ) তুমি কি কি মিঠাই খাই পাইছা?
উত্তৰ: মই লাড্ডু, জিলেপি, পেড়া, ৰছগোল্লা আদি মিঠাই খাই পাইছো।
✒️ তলত দিয়া আখৰ–জালৰ পৰা শব্দ গঠন কৰোঁ আহা —
উত্তৰ: কৰ, ককা, কলি, কম, চকা, চক, কাচ, কাপ, কালি, কাম, সাত, সাপ, পকা, তালি, তাপ, তাম, মলি।
শিয়াল আৰু বগলী
🗣️ কথা পাতোঁ আহা—
ক) বগলীজনীয়ে খাদ্য ক’ৰ পৰা খাইছে?
উত্তৰ: বগলীজনীয়ে খাদ্য পুখুৰীৰ পৰা খাইছে।
খ) শিয়ালটোৱে বগলীক মাতি কিহত খাবলৈ দিছে?
উত্তৰ: শিয়ালটোৱে বগলীক মাতি থালত খাবলৈ দিছে।
গ) বগলীটোৱে শিয়ালক মাতি কিহত খাবলৈ দিছে?
উত্তৰ: বগলীটোৱে শিয়ালক মাতি চুঙাত খাবলৈ দিছে।
ঘ) ছবিকেইখন চাই কাহিনীটো নিজাববীয়াকৈ কওঁ আহা।
উত্তৰ: ১ নম্বৰ ছবি:
এদিন শিয়ালে বগলীক তাৰ ঘৰলৈ এসাজ খাবলৈ মাতিলে।
২ নম্বৰ ছবি:
পিচদিনা বগলী শিয়ালৰ ঘৰলৈ আহিল। শিয়ালে দুখন থালত জুলীয়া আহাৰ আনিলে আৰু বগলীক খাবলৈ দিলে।
৩ নম্বৰ ছবি:
শিয়ালে সহজে খাই থাকিল, কিন্তু বগলীয়ে দীঘল ঠোঁটৰ বাবে খাব নোৱাৰিলে। বগলীৰ মনত দুখ লাগিল। পিছত বগলীয়েও শিয়ালক নিজৰ ঘৰলৈ এসাজ খাবলৈ মাতিলে।
৪ নম্বৰ ছবি:
পিছদিনা শিয়াল বগলীৰ ঘৰলৈ আহিল। এইবাৰ বগলীয়ে দুটা দীঘল চুঙাত আহাৰ লৈ আহিল আৰু শিয়ালক খাবলৈ দিলে।
৫ নম্বৰ ছবি:
বগলীয়ে সহজে খাই থাকিল। কিন্তু শিয়ালে তাৰ মুখ চুঙাত সোমাব নোৱাৰি একো খাব নোৱাৰিলে।
৬ নম্বৰ ছবি:
শিয়ালৰ মনত লাজ লাগিল। এতিয়া তেওঁ নিজৰ ভুল বুজি পালে আৰু লগে লগে সেই ঠাই এৰিলে।
✒️ তলত দিয়া আখৰ–জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়োঁ আৰু লিখোঁ আহা —
উত্তৰ: পখীলা, পচলা, পইচা, চৰাই, লাভা, লাই, ভাপ, ভাত, তলা, তৰা, শাক, জাকৈ, মাপ, মালা, মাত, মাকৈ, মাছ।
✒️ শেষ আখৰ সলনি কৰি নতুন শব্দ গঠন কৰোঁ আহা—
উত্তৰ:
পুনৰালোচনা
✒️ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিৰ লগত আখৰবোৰ আঁচ টানি মিলোেৱা —
উত্তৰ:
✒️ তলত দিয়া আখৰ–জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়োঁ আৰু লিখোঁ আহা —
উত্তৰ: ৰাৱণ, বালক, জোক, জবা, জলা, পকা, লাজ, ফল, কলা, কাণ, বেল, চোলা।