Class 1 Assamese Chapter 6 Question Answer

Class 1 Jhankar Chapter 6 Question Answer | Class 1 Assamese Chapter 6 Question Answer | Class 1 Assamese Chapter 6 solutions | Class 1 Assamese Chapter 6 |  class 1 jhankar textbook chapter 6 | Class 1 Jhankar Chapter 6 Lesson 1 | Class 1 Jhankar Chapter 6 Lesson 2 | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ৬ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৬ষ্ঠ অধ্যায় “স্বাস্থ্য আৰু সুস্থতা” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | অধ্যায় ৬ স্বাস্থ্য আৰু সুস্থতা | পাঠ ১ মিনুহঁতৰ পাকঘৰ | পাঠ ২ নাজিয়াৰ দৈনিক কাম | Assamese Class 1 Chapter ৬ explanation.

The Content of “Class 1 Assamese Chapter 6 Question Answer”

In this guide, we have provided the complete answers to the first lesson “মিনুহঁতৰ পাকঘৰ” and the second lesson “নাজিয়াৰ দৈনিক কাম” in the 6th chapter of the ঝংকাৰ book for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৬ষ্ঠ অধ্যায় “স্বাস্থ্য আৰু সুস্থতা” ৰ পাঠ ১ ‘মিনুহঁতৰ পাকঘৰ’ আৰু পাঠ ২ ‘নাজিয়াৰ দৈনিক কাম’ ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।

পাঠ – ১ : মিনুহঁতৰ পাকঘৰ

🗣️ এতিয়া পাঠটোৰ পৰা কি কি শিকিলা কোৱা —

ক) নিগনি, পঁইতাচোৰা আৰু মাখিকেইটাই ক’ত বাহ লৈছিল?

উত্তৰ: নিগনি, পঁইতাচোৰা আৰু মাখিকেইটাই মিনুহঁতৰ পাকঘৰত বাহ লৈছিল।

খ)  মিনুহঁতৰ মাকে পাকঘৰটো কিয় পৰিষ্কাৰ কৰিলে?

উত্তৰ: মিনুহঁতৰ মাকে পাকঘৰটো পৰিষ্কাৰ কৰিছিল কাৰণ মিনুহঁতৰ পাকঘৰত কেইটামান পঁইতাচোৰা, নিগনি, মহ আৰু মাখিয়ে বাহ লৈছিল।

গ) পঁইতাচোৰা, নিগনি আৰু মাখিৰ পৰা আমি কিয় সাৱধানে থাকিব লাগে?

উত্তৰ: পঁইতাচোৰা, নিগনি আৰু মাখিৰ পৰা আমি সাৱধানে থাকিব লাগে, কাৰণ এইবোৰ প্ৰাণীয়ে বেমাৰ বিয়পাব পাৰে।

ঘ) কাহিনীটো নিজাববীয়াকৈ কওঁ আহা।

উত্তৰ: মিনুহঁতৰ পাকঘৰত কেইটামান পঁইতাচোৰা, নিগনি, মহ আৰু মাখিয়ে বাহ লৈছিল। এদিন মিনুহঁতৰ ঘৰত কোনো নথকাৰ সুযোগত নিগনিয়ে কয়, “আহা, কেৰাহীখনৰ কাষলৈ যাওঁ। এই কথা শুনি মাখিকেইটাই উল্লাসেৰে কয়, “ওহ! পাকঘৰতচোন বহুত খোৱাৰ বস্তু আছে! তেতিয়া মাখি কেইটাই মাত লগালে – ৰ’বা ৰ’বা, আমিও খাম,‌ অকলে খাব নালাগে।” তেতিয়ালৈ ঢাকনি নথকা কেৰাহীখনৰ পৰা পঁইতাচোৰাকেইটাই বগাবগি কৰি উঠে আৰু চিঞৰি কয়, “আমি আগতেই খাই পেলালোঁ!”

নিগনিকেইটাই পানী খাবলৈ ঢাকনি নথকা কলহটোৰ কাষলৈ যাওতে মহকেইটাই চিঞৰে, “ৰ’বা! পানীত আমাৰ কণী আছে”

ঠিক তেতিয়াই মিনু আৰু মিকু পাকঘৰ চাফা কৰিবলৈ আহে। তেওঁলোকে হাতত বীজাণুনাশক বটল আৰু কাপোৰ লৈ আহিছিল। মিনুৰ মাকে কলহৰ পানীত বীজাণুনাশক মিহলাই মজিয়াত ঢালি দিলে। এই দৃশ্য দেখা মাত্ৰেই পঁইতাচোৰাই ভয়ে চিঞৰি উঠে, “পলা পলা! এতিয়াই পলা! ৰ’বলৈ আৰু সময় নাই।”

ঙ) তোমালোকে পাকঘৰ পৰিষ্কাৰ কৰি পাইছানে?

উত্তৰ: হয়, মই পাকঘৰ পৰিষ্কাৰ কৰি পাইছো।

চ) পানী কিয় ঢাকি ৰাখিব লাগে?

উত্তৰ: পানী ঢাকি ৰাখিব লাগে যাতে পানীত বেয়া বস্তু নপৰে।

✒️ তলৰ আখৰ–জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়োঁ আৰু লিখোঁ আহা —

Class 1 Assamese Chapter 6

উত্তৰ: বেশ, বেৰ, বেত, বেল, বেগ, শহা, হাৰ, হাত, হাল, ভাৰ, ভাত, ভাল, ৰভা, তল, লৰ।

পাঠ – ২ : নাজিয়াৰ দৈনিক কাম

🗣️ কওঁ আহা —

ক) মাক-দেউতাকে নাজিয়াক ক’লৈ নিছিল?

উত্তৰ: মাক-দেউতাকে নাজিয়াক চিকিৎসকৰ ওচৰলৈ নিছিল।

খ) নাজিয়াৰ কি হৈছিল?

উত্তৰ: দুদিনৰ পৰা নাজিয়াৰ খাবলৈ মন নোযোৱা হৈছিল যাৰ ফলত তাই দুৰ্বল হৈ যাবলৈ ধৰিছিল আৰু কোনো কাম মনোযোগ দি কৰিব নোৱাৰা হৈছিল।

গ) নাজিয়াই ৰাতিপুৱা কি কি কাম কৰে?

উত্তৰ: নাজিয়াই ৰাতিপুৱা সোনকালে শুই উঠি দাঁত মাজি, হাত-মুখ ধুই কচৰৎ কৰে। তাৰ পিছত চাহ-জলপান খাই পঢ়িবলৈ বহে আৰু গা ধুই আহাৰ খাই বিদ্যালয়লৈ যায়।

ঘ) আমি কিয় গা ধুব লাগে?

উত্তৰ: আমি নিজক পৰিস্কাৰ কৰি ৰাখিবলৈ গা ধুব লাগে।

ঙ) সমনীয়াৰ লগত কিয় খেলিব লাগে?

উত্তৰ: আমি সমনীয়াৰ লগত খেলিব লাগে কাৰণ সমনীয়াৰ লগত খেলিলে মন ভালে থাকে আৰু সহায়-সহযোগিতা কৰিবলৈ শিকা যায়।

চ) তুমি দিনটোত কেইবাৰ আহাৰ খোৱা?

উত্তৰ: মই দিনটোত তিনিবাৰ আহাৰ খাওঁ।

ছ) চিকিৎসকে নাজিয়াক কি দিহা দিছিল?

উত্তৰ: চিকিৎসকে নাজিয়াক দৈনিক কৰিবলগীয়া কামৰ এখন তালিকা বনাবলৈ দিহা দিছিল।

🗣️ তলৰ ছবিবোৰৰ নাম কওঁ আহা—

▪️খালী ঠাই পূৰ কৰি পঢ়োঁ আহা—

▪️কোন ক’লৈ যাব—

পুনৰালোচনা

▪️ছবি চাই নাম লিখা—

▪️ছবিৰ সৈতে আঁচ টানি মিলোৱা–

✒️ তলৰ আখৰ–জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়োঁ আৰু লিখোঁ আহা —

উত্তৰ: ৰিহা,‌ ফাগুন,‌ ফাল, হাত, হাৰ,‌ হাল,‌ তৰল, তগৰ, তল, শিয়াল, শিপা,‌ শিৰ, চাৰি, চাফা, চাগু, চাল, গুৰি, গুহা, গুৰ, ৰন, গল, পাহাৰ,‌ পাত, পান,‌ পাৰ, নৰ, নল, লগ।

Leave a Comment